February 20, 2025 7:29 AM

views 44

পাকিস্তানৰ বেলুচিস্তান প্রদেশত কমেও ৭জন যাত্রীক গুলীয়াই হত্যা

পাকিস্তানৰ বেলুচিস্তান প্রদেশত কালি এজন অচিনাক্ত বন্দুকধাৰীয়ে এখন বাছত যাত্ৰীসকলৰ পৰিচয় পত্ৰ পৰীক্ষা কৰাৰ পাছত কমেও ৭ জন যাত্রীক গুলীয়াই হত্যা কৰে। বিষয়াসকলে জনোৱা মতে, বাছখনে প্ৰদেশখনৰ ৰাজধানী কুৱেটাৰ পৰা পাকিস্তানৰ পঞ্জাৱ প্ৰদেশলৈ যাত্ৰা কৰাৰ সময়ত দুৰ্বৃত্তই বৰখান অঞ্চলত এই হত্যাকাণ্ড সংঘটিত কৰে। বৰখনৰ উপ আয়ুক্তগৰাকীয়ে এই ঘটনা আৰু নিহতৰ সংখ্যা নিশ্চিত কৰে।