April 25, 2025 12:18 PM

views 17

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক ইজৰাইল-জাপান-ইটালীৰ প্ৰধানমন্ত্ৰী, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু জৰ্দানৰ ৰজাৰ তীব্ৰ গৰিহণা

ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানাহু, জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবা, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ', ইটালীৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেলানি আৰু জৰ্দানৰ ৰজা আবুল্লা দ্বিতীয়ই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বাৰ্তালাপত পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ গৰিহণা দিয়ে। প্রধানমন্ত্ৰী মোদী সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানাহুয়ে ভাৰতৰ লোকসকলৰ প্ৰতি সহমর্মিতা প্রকাশ কৰাৰ লগতে আক্ৰমণত নিহত লোকসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্...