November 30, 2025 7:28 PM

views 83

শিৱসাগৰত কেন্দ্রীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাৰ ছহিদ পিয়লি ফুকন: দ্যা চন অৱ চইল শীৰ্ষক গ্রন্থ উন্মোচন

স্বাধীনতা সংগ্ৰামৰ প্ৰথম ছহিদ পিয়লি ফুকনৰ বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনাৰ বাট মুকলি কৰি আজি শিৱসাগৰত কেন্দ্রীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই ছহিদ পিয়লি ফুকন: দ্যা চন অৱ চইল শীৰ্ষক ইংৰাজী ভাষাত লিখি উলিওৱা গ্রন্থখন উন্মোচন কৰে। শিৱসাগৰ নগৰৰ যুবদল প্রেক্ষাগৃহত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত গ্রন্থখন উন্মোচন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে গ্রন্থখনে ৰাষ্ট্ৰীয় পৰ্যায়ত পিয়লি ফুকন সন্দৰ্ভত নতুন আলোচনাৰ বাট মুকলি কৰিলে। এই গৱেষণামূলক গ্ৰন্থখনৰ আধাৰতে দিল্লী বিশ্ববিদ্যালয় আৰু জৱাহৰলাল নেহৰু বিশ্ববি...