June 19, 2024 12:12 PM

views 48

অসমৰ ১৭,৪৯,০০০ হাজাৰ কৃষক হিতাধিকাৰীক পি এম কিষাণ আঁচনিৰ ৩৮১ কোটি টকা মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মুকলি কৰি দিয়া পি এম কিষাণ আঁচনিৰ সপ্তদশ কিস্তিৰ ধনৰ অংশ হিচাপে অসমৰ ১৭ লাখ ৪৯ হাজাৰ কৃষক হিতাধিকাৰীয়ে মুঠ ৩৮১ কোটি টকা লাভ কৰিছে। পি এম কিষাণ সন্মিলনৰ ধন মুকলি কৰি দিয়া অনুষ্ঠানৰ আলমত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষি মন্ত্ৰী অতুল বৰাই এই কথা প্ৰকাশ কৰিছে। শ্ৰী বৰাই সদৰি কৰা মতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পি এম কিষাণ আঁচনিৰ অগ্ৰগতি নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰি আহিছে আৰু কোনো যোগ্য কৃষক পৰিয়াল য...