December 15, 2024 12:00 PM

views 31

বিত্ত বিভাগৰ উদ্যোগত অৰুণোদয় পষেক আঁচনিৰ অধীনত আজিৰে পৰা ২৮ ডিচেম্বৰলৈ যোগ্য বিবেচিত পৰিয়ালসমূহক বিত্তীয় সাহায্য প্ৰদানৰ ব্যৱস্থা

অসম চৰকাৰৰ বিত্ত বিভাগৰ উদ্যোগত অৰুণোদয় পষেক আঁচনিৰ অধীনত আজিৰে পৰা ২৮ ডিচেম্বৰলৈ নিৰপেক্ষ আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে যোগ্য বিবেচিত পৰিয়ালসমূহক বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। বিত্তীয় সাহায্যৰ বাবে যোগ্য হিতাধিকাৰী বাছনিৰ উদ্দেশ্যে এই দুসপ্তাহজোৰা অৰুণোদয় পষেক আঁচনি গ্রহণ কৰা হৈছে। এই আঁচনিৰ হিতাধিকাৰী হ'বলৈ আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে বর্তমান অসমতে বাস কৰিব লাগিব। আনহাতে আবেদনকাৰীৰ আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো জৰুৰী। এই আঁচনি লাভ কৰিবলৈ বিধবা, ৪৫ বছৰ বয়সৰ ঊৰ্ধৰ অবিবাহিতা,...