December 13, 2025 9:43 PM

views 34

পশ্চিমবংগৰ চল্টলেকৰ যুৱ ভাৰতী ক্রীড়াংগনত আয়োজিত লিঅ’নেল মেছিৰ কাৰ্যসূচীত বিশৃংখল পৰিস্থিতি, আয়োজক শতদ্রু দত্তক গ্ৰেপ্তাৰ

পশ্চিমবংগৰ চল্টলেকৰ যুৱ ভাৰতী ক্রীড়াংগনত আজি আয়োজিত লিঅ'নেল মেছিৰ কাৰ্যসূচীত সংঘটিত বিশৃংখল পৰিস্থিতিৰ পাছত অনুষ্ঠানটোৰ আয়োজক শতদ্রু দত্তক আৰক্ষীয়ে দুঘণ্টা ধৰি সোধা-পোছা কৰাৰ পাছত গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক আৰু অতিৰিক্ত সঞ্চালকপ্রধান জাভেদ শামিমে ষ্টেডিয়ামখনত হোৱা হুলস্থূলীয়া পৰিস্থিতি সন্দৰ্ভত প্রাথমিক অনুসন্ধান চলাই থকা হৈছে বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে কয়, যে বর্তমান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আহিছে। দৰ্শকসকলক ঘৰলৈ ঘূৰি যোৱাত সহায় কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰ...