April 28, 2025 8:25 PM

views 12

অনলাইন ট্রেডিঙত বিনিয়োগ-ঋণ দিয়াৰ প্রলোভনেৰে কোটি কোটি টকা আত্মসাতৰ অভিযোগত এগৰাকী মহিলাক আটক

অনলাইন ট্রেডিঙত বিনিয়োগ আৰু ঋণ দিয়াৰ প্রলোভনেৰে কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত আজি গুৱাহাটী মহানগৰীৰ চানমাৰি আৰক্ষীয়ে এগৰাকী মহিলাক আটক কৰে। আৰক্ষীয়ে বামুণীমৈদামত অভিযান চলাই আটক কৰা মহিলাগৰাকী কবিতা বৈশ্য বুলি চিনাক্ত কৰিছে। আৰক্ষীয়ে ধৃত মহিলাগৰাকীৰ পৰা ১৫১খন নথি, বিভিন্ন লোকৰ নামত থকা পাঁচ কোটি টকাৰ চেক আৰু পাঁচখন চুক্তিপত্র জব্দ কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ২০২৩ চনৰ পৰা চলিত বছৰলৈ অভিযুক্ত মহিলাগৰাকীয়ে ভালেসংখ্যক গ্ৰাহকৰ পৰা ধন লৈছিল। প্ৰাপ্য ধন ঘূৰাই নোপোৱাৰ বাবে এগৰাকী ব্যক...