July 14, 2024 1:34 PM

views 51

গুৱাহাটীত অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ প্ৰথম দিনা কোৱালিফায়িং ৰাউণ্ডৰ খেল

অসম টেনিছ সন্থাৰ উদ্যোগত কালিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হোৱা অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ প্ৰথম দিনা কোৱালিফায়িং ৰাউণ্ডৰ খেল অনুষ্ঠিত হয়। ল'ৰা আৰু ছোৱালীৰ ১২ আৰু ১৪ বছৰ অনুৰ্ধৰ প্ৰতিযোগিতাখনত ছোৱালীৰ ১২ অনুৰ্ধৰ শাখাত কোৱালিফায়িং মেচ অনুষ্ঠিত হ'বলৈ বাকী আছে। কালি প্ৰথম দিনাৰ খেলত ছোৱালীৰ ১৪ বছৰ অনুৰ্ধৰ শাখাত সকলো কোৱালিফায়িং মেচ অনুষ্ঠিত হৈছে। সেই অনুসৰি ৰিয়া বড়ো, আয়ান্যা বৰা, আৰিয়ানা কাকতি, নন্দিনী আমছি, ধানিস্কা মহন্ত আৰু আলবিৰা খানমে কোৱালিফায়িঙৰ ফাইনেল ৰাউণ্ডলৈ য...