July 14, 2026 12:54 PM

views 44

বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰাণৰ বন্দৰসমূহত পুনৰ অৱৰোধ আৰোপ কৰিব বুলি ঘোষণা কৰাৰ পিছতে বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে, যাৰ ফলত হৰমুজ প্রণালীৰ মাজেৰে তেলৰ যোগানৰ ক্ষেত্ৰত উদ্বেগ প্রকাশ পাইছে। আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ৯.৬ শতাংশ বৃদ্ধি পাই প্রতি বেৰেলত ৮৩ ডলাৰ আৰু ৩০ চেণ্টত উপনীত হোৱাৰ বিপৰীতে আমেৰিকাৰ মানদণ্ডত পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েটৰ মূল্য প্রায় ৯.৪ শতাংশ বৃদ্ধি পাই প্রতি বেৰেলত ৭৮ ডলাৰ আৰু ১৪ চেণ্ট হৈছে।