October 22, 2024 9:12 PM

views 38

বঙ্গোপসাগৰত সৃষ্টি হোৱা ডানা ঘুৰ্ণিবতাহজাক ওড়িশাৰ উপকূলৰ ফালে অগ্ৰসৰ

বঙ্গোপসাগৰত সৃষ্টি হোৱা ডানা নামৰ ঘুৰ্ণিবতাহজাক অধিক শক্তিশালী হৈছে আৰু বতাহজাক ওড়িশাৰ উপকূল ভাগৰ দিশে অগ্ৰসৰ হৈছে। বতাহজাকে বৃহস্পতিবাৰে মাজনিশা ওড়িশাৰ বালেশ্বৰ সমীপৰ উপকূলভাগ আৰু কেন্দ্ৰপাৰা ভদ্ৰক বা ভিতকণিকাত খুন্দা মৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বতাহজাকৰ প্ৰভাৱত ওড়িশাৰ ভালেমান অংশত বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে, পূৱ বঙ্গোপসাগৰত সৃষ্টি হোৱা নিম্নচাপ বলয় ওড়িশাৰ পাৰাদ্বীপৰ পৰা প্ৰায় ৭০০ কিলোমিটাৰ দক্ষিণ পূৱত আৰু পশ্চিমবঙ্গৰ সাগৰ দ্বীপৰ পৰা ৭...