August 3, 2026 11:44 AM
2
ওড়িশাৰ কেইবাখনো জিলাৰ বান পৰিস্থিতি কিছু উন্নত
ওড়িশাত মহানদীৰ বাঢ়নি পানীয়ে কেইবাখনো জিলা বুৰাই পেলোৱাৰ পাছত বর্তমান বান পৰিস্থিতি কিছু উন্নত হৈছে। অৱশ্যে সর্বাধিক ক্ষতিগ্রস্ত বালাচ'ৰ, ভদ্রাক আৰু জাজপুৰত পৰিস্থিতি জটিল হৈ আছে। এই জিলাসমূহত খোৱাপানীৰ সমস্যা বৃদ্ধি পোৱাৰ লগতে বাসগৃহ আৰু বিস্তৰ কৃষিভূমি বানত বুৰ যোৱাৰ ফলত সমস্যাই দেখা দিছে। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৫ আগষ্ট পর্যন্ত ৰাজ্যখনৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত অহা তিনিদিনলৈ বেছিভাগ জিলাতে য়েল্ল' এলার্ট জাৰি কৰা হৈছে।