March 25, 2025 8:03 PM

views 58

ৰাজ্যৰ বিভিন্ন স্থানত ডাঃ নোমল মমিনৰ আক্ৰমণৰ ঘটনাক লৈ প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যৰ বিভিন্ন স্থানত আজি অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই গাত হাত লগোৱা বুলি অভিযোগ কৰাৰ ঘটনাক লৈ বিজেপি আৰু অনুসূচিত জনজাতি মৰ্চাই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিজেপিৰ দলীয় কৰ্মীসকলে এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত কংগ্ৰেছৰ বিধায়কগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অধ্যক্ষক দাবী জনোৱা হয়।