April 27, 2025 11:19 AM

views 27

চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তি সম্পৰ্কীয় বিভ্ৰান্তিকৰ প্ৰচাৰত ভোল নাযাবলৈ  পৰীক্ষাৰ্থীসকলক ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি য়ে চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নিট ইউ জিৰ সন্দেহজনক দাবীৰ বিষয়ে জনোৱাৰ বাবে এখন সুকীয়া মঞ্চ মুকলি কৰিছে। এন টি এ পৰীক্ষাৰ্থীসকলক ভুৱা দাবীৰে প্রবঞ্চনা কৰিব খোজা অসাধু ব্যক্তিসকলৰ কথাত ভোল নাযাবলৈ পৰামৰ্শ দিছে। সংস্থাটোৱে লগতে এনেধৰণৰ বিভ্ৰান্তিকৰ তথ্য আৰু এনে তথ্য বিয়পোৱা লোকৰ বিষয়ে ৪ মে'ৰ বিয়লি ৫ বজা পর্যন্ত এন টি এৰ ৱেবচাইট যোগে অৱগত কৰিবলৈ পৰীক্ষাৰ্থীসকলক অনুৰোধ জনাইছে।