June 17, 2024 12:19 PM

views 49

ছিকিমৰ মংগন জিলাত আবদ্ধ ১২শৰো অধিক পৰ্যটকক উদ্ধাৰৰ বাবে অভিযান

ছিকিমৰ মংগন জিলাত আবদ্ধ হৈ থকা ১২শৰো অধিক পৰ্যটকক উদ্ধাৰ কৰাৰ বাবে অভিযান আজি আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু যদিহে বতৰ পুনৰ বেয়া হয় তেন্তে উদ্ধাৰ অভিযান বিলম্ব হ'ব পাৰে। চুংথাঙৰ মহকুমা দণ্ডাধীশ কিৰন থাটালে কৈছে যে, বতৰ ফৰকাল হলে বিমান অথবা পথেৰে উদ্ধাৰ অভিযান চলোৱা হ'ব। তেওঁ কয় যে, আবদ্ধ হৈ থকা লোকসকলক ৰখাৰ বাবে জিলা প্ৰশাসনে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু লাচুং চহৰৰ বিভিন্ন হোটেলত তেওঁলোকক ৰখাৰ লগতে অতি সামান্য দৰত আহাৰৰ যোগান ধৰা হৈছে। শ্ৰীথাটালে চুংথাঙৰ BDO, পিপন লাচুং আৰু হোটেলৰ স...

June 14, 2024 5:19 PM

views 68

বিগত ৬০ ঘণ্টাত উত্তৰ চিকিমত নেৰানেপেৰা বৰষুণৰ ভয়াবহ ৰূপ ধাৰণ

বিগত ৬০ ঘণ্টাত উত্তৰ চিকিমত হোৱা নেৰা নেপেৰা বৰষুণে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ তীষ্টা নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত চাংকালাঙত এখন পুৰণা ওলমা দলং আৰু নতুনকৈ নিৰ্মাণ কৰা বেইলী দলং দুয়োখনেই ভাগি পৰে। ইয়াৰ ফলত প্ৰায় দুহেজাৰ পৰ্যাটক অঞ্চটোত আৱদ্ধ হৈ পৰিছে। উত্তৰ চিকিমৰ জংগো অঞ্চলৰ সৈতে গুৰুত্বপূর্ণ সকলো যোগাযোগ বিচিন্ন হৈ পৰিছে। জিলা দণ্ডাধীশ হেম কুমাৰ চেত্ৰীয়ে কালি এখন বৈঠকত মিলিত হৈ বৰষুণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। বৰষুণৰ ফলত পাকেচেপত ৩ জন আৰু আম্বিথাঙত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ক'বি আৰু আম্বিথা...