April 28, 2025 12:58 PM

views 36

নৰ্থ লখিমপুৰ কলেজত দুদিনীয়াকৈ আয়োজিত আলোচনাচক্ৰৰ সামৰণি

 ইয়াণ্ডাবু সন্ধিৰ ২০০ বছৰ পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি নৰ্থ লখিমপুৰ কলেজত দুদিনীয়াকৈ আয়োজিত আলোচনাচক্ৰৰ সামৰণি পৰিছে। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব সঞ্চালকালয়ৰ সহযোগত আয়োজিত ইয়াণ্ডাবু সন্ধি আৰু ঊনবিংশ শতিকাৰ অসম শীর্ষক আলোচনাচক্ৰত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক নিৰোদ বৰুৱাই ভাষণ দিয়ে। এই অনুষ্ঠানত চামচুদ্দিন চিচিৰে প্ৰণয়ন কৰা ‘বাংলাদেশেৰ অসমীয়া’ আৰু শ্বেখ মকবুল ইছলামে প্রণয়ন কৰা ‘মিছিং ফ্‌লৰ'গ্ৰাফী’কে ধৰি ৪ খন গ্ৰন্থ উন্মোচন কৰা হয়। এই আলোচনাচক্রত ম্যানমাৰ, বাংলা...

September 13, 2024 8:40 PM

views 26

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত সৃজনীশীল সাহিত্য বিষয়ক আলোচনাচক্র অনুষ্ঠিত

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত আজি সৃজনীশীল সাহিত্য বিষয়ক এখন আলোচনাচক্র অনুষ্ঠিত হয়। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ সাহিত্য চৰ্চা আৰু বৌদ্ধিক অনুশীলনক অধিক গতিশীল কৰাৰ লক্ষ্যৰে অসম প্ৰকাশন পৰিষদে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত গ্ৰহণ কৰা কাৰ্যসূচীৰ অংশস্বৰূপে এই আলোচনাচক্র অনুষ্ঠিত হয়। প্রকাশ আলোচনীৰ সম্পাদক মিহিৰ দেউৰীয়ে এই আলোচনাচক্ৰখন উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে, ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাহিত্য আৰু গ্ৰন্থৰ প্ৰতি আস্থাশীল কৰি বৌদ্ধিক পৰিবেশক অধিক দৃঢ় ...