January 11, 2026 12:36 PM

views 50

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তৰ দ্বাৰা উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তে উত্তৰ গুৱাহাটীৰ ৰংমহলত আজি সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত আইন মন্ত্রী অর্জুন ৰাম মেঘৱাল, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, সন্দীপ মেহতা, এন কৌটিশ্বৰ সিং, বিজয় বিষ্ণয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ উপস্থিত আছিল। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন ২৪ গৰাকী ন্যায়াধীশেও অংশগ্রহণ কৰে। ৰাজ্যৰ আইন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জ...

January 6, 2026 7:21 AM

views 49

উত্তৰ গুৱাহাটীৰ ৰংমহলত অহা দেওবাৰে সংহত ন্যায়িক আদালত ভৱনৰ আধাৰশিলা স্থাপন কৰা হ’ব

উত্তৰ গুৱাহাটীৰ ৰংমহলত অহা দেওবাৰে সংহত ন্যায়িক আদালত ভৱনৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই অনুষ্ঠানত দেশৰ মুখ্য ন্যায়াধীশ সূর্যকান্ত, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্বল ভূঞা, ন্যায়াধীশ সন্দীপ মেহতা, ন্যায়াধীশ এন ক'টিশ্বৰ সিং আৰু ন্যায়াধীশ বিজয় বিষ্ণয়, আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

July 14, 2025 10:59 AM

views 52

উত্তৰ গুৱাহাটীৰ ৰংমহল অগ্নিকাণ্ডত সুলভ মূল্য দোকানসহ এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মিভূত

● যোৱা নিশা উত্তৰ গুৱাহাটীৰ ৰংমহল নাজিৰাখাটত সংঘটিত অগ্নিকাণ্ডত এখন সুলভ মূল্য দোকানসহ এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মিভূত হয়। টংকেশ্বৰ দাস নামৰ এজন লোকৰ ঘৰত সংঘটিত এই অগ্নিকাণ্ডৰ সময়ত তেওঁৰ লগতে পৰিয়ালৰ লোকসকল শুই আছিল। অৱশ্যে এই অগ্নিকাণ্ডত পৰিয়ালটোৰ সদস্যসকল কথমপি ৰক্ষা পৰে। ছৰ্টছাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। স্থানীয় ৰাইজৰ সহযোগত অগ্নিনির্বাপক বাহিনীয়ে তৎপৰতাৰে জুই নিৰ্বাপিত কৰিবলৈ সমৰ্থ হয়।

May 9, 2024 8:05 PM

views 41

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা পুনৰ আৰম্ভ

♦ ব্ৰহ্মপুত্ৰৰ জলস্তৰ সামান্য নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা আজি পুনৰ আৰম্ভ কৰা হৈছে। জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে যোৱা ৬ মে'ৰ পৰা ফেৰী সেৱা বন্ধ হৈ আছিল। আজি উত্তৰ গুৱাহাটীৰ ৩ টা ঘাট, মধ্যমখণ্ড, ৰজাদুৱাৰ আৰু মাজগাও ঘাটৰ পৰা ফেৰী সেৱা আৰম্ভ হয়। উল্লেখযোগ্য অভ্যন্তৰীণ জল পৰিবহন বিভাগে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৩ দিন ফেৰী সেৱা বন্ধ ৰখাৰ ফলত যাত্ৰীসকলৰ সমস্যাৰ সৃষ্টি হৈছিল।