November 21, 2025 8:50 PM

views 51

গুৱাহাটীত ২৭ নৱেম্বৰৰ পৰা উত্তৰ-পূব পেৰা ক্ৰীড়া সমাৰোহ

২৭ নৱেম্বৰৰ পৰা গুৱাহাটীত উত্তৰ-পূব পেৰা ক্ৰীড়া সমাৰোহৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হ'ব। এই ক্রীড়া সমাৰোহত উত্তৰ-পূবৰ ৮ খন ৰাজ্যৰ প্ৰায় ৭০০ এথলিট আৰু ক্ৰীড়া কর্মকর্তাই অংশগ্রহণ কৰিব। তিনি দিনীয়াকৈ হ'বলগীয়া ক্রীড়া সমাৰোহখনৰ উদ্বোধনী অনুষ্ঠান ২৭ নৱেম্বৰত সৰুসজাইত থকা অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব। ভাৰতীয় পেৰা অলিম্পিক সংস্থাৰ অধীনত অসম পেৰা অলিম্পিক সংস্থাই আজি এখন সংবাদমেল আয়োজন কৰি এই ক্রীড়া সমাৰোহখনৰ কথা প্ৰকাশ কৰে। এই ক্রীড়া সমাৰোহত এথলেটিকছ, বেডমিণ্টন, বোচ্চিয়া...