November 7, 2025 11:21 AM

views 49

দুদিনীয়া ভ্রমণসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

দুদিনীয়া অসম ভ্রমণসূচীৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আজি গুৱাহাটীত উপস্থিত হ'ব। সন্ধিয়া তেওঁ উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গে’টৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি উদ্বোধন কৰিব। সকলো বতৰতে কাৰ্যক্ষম হৈ থাকিব পৰা প্ৰকল্পটোত ছহেজাৰ ৮০০ বৰ্গ মিটাৰ এলেকাজুৰি ফেৰী টার্মিনেলৰ ব্যৱস্থা আছে। ডলফিনৰ আৰ্হিত নির্মিত টার্মিনেল আৰু ঘাটটোত ১০০ জনকৈ যাত্রী কঢ়িওৱা ৪ খন কাটামাৰাণ জাহাজ ৰখাব পৰাকৈ ১২০ মিটাৰ দৈৰ্ঘ্যৰ পন্টুন আছে। যাত্ৰীসকলৰ স...