March 10, 2025 9:02 PM

views 37

লোকসভাত বিত্ত মন্ত্রীৰ চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয়টো পৰিপূৰক দাবী মঞ্জুৰী দাখিল

কেন্দ্ৰীয় চৰকাৰে আজি চলিত বিত্তীয় বৰ্ষত প্ৰকৃত অতিৰিক্ত ৫১ হাজাৰ ৪৬২ কোটি টকা ব্যয়ৰ বাবে সদনৰ অনুমোদন বিচাৰে। আজি লোকসভাত বিত্ত মন্ত্রী নির্মলা সীতাৰমণে চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয়টো পৰিপূৰক দাবী মঞ্জুৰী দাখিল কৰে। এই অতিৰিক্ত ব্যয়ৰ ১২ হাজাৰ কোটি টকা সাৰৰ ৰাজসাহায্যত আৰু ১৩ হাজাৰ কোটিৰো অধিক টকা অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চনৰ বাবে ব্যৱহাৰ কৰা হ'ব। তদুপৰি ৮ হাজাৰ ৪৭৬ কোটি টকা প্ৰতিৰক্ষা পেঞ্চন আৰু ৫ হাজাৰ ৩২২ কোটি টকা দূৰসংযোগ বিভাগৰ বাবে ব্যয় কৰা হ'ব।