June 29, 2024 12:46 PM

views 32

১৪ ডিচেম্বৰত হোৱা বোমা বিস্ফোৰণ ঘটনাৰ অভিযোগনামা দাখিল এন আই এৰ

এন আই এ-য়ে যোৰহাট লিচুবাৰী সেনা শিবিৰৰ সমীপত বিগত বৰ্ষৰ ১৪ ডিচেম্বৰত হোৱা বোমা বিস্ফোৰণ ঘটনাৰ অভিযোগনামা দাখিল কৰিছে। কিন্তু এই অভিযোগনামাত দোষী সাব্যস্ত কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়া তিতাবৰৰ দিপাংকৰ গগৈৰ নাম নথকাত স্থানীয় ৰাইজে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিছে। ভুৱা গোচৰত তিতাবৰৰ যুৱক দিপাংকৰ গগৈক নির্যাতন চলাই মৃত্যুৰ মুখলৈ ঠেলি দিয়া যোৰহাটৰ তদানীন্তন আৰক্ষী অধীক্ষক মোহনলাল মীনাক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি আইনী শাস্তি প্ৰদান কৰিবলৈ ৰাইজে চৰকাৰক দাবী জনাইছে।