December 25, 2025 8:20 PM

views 51

নাইজেৰিয়াৰ মাইডুগুৰীৰ এটা মছজিদত সংঘটিত বিস্ফোৰণত পাঁচজন লোকৰ প্রাণহানি, ৩৫ জন আহত

নাইজেৰিয়াৰ উত্তৰ-পূব প্ৰান্তৰ মাইডুগুৰীৰ এটা মছজিদত কালি নামাজৰ সময়ত হোৱা বিস্ফোৰণত পাঁচজন লোকে প্রাণ হেৰুৱায় আৰু ৩৫ জন আহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে এতিয়ালৈকে কোনো সন্ত্রাসবাদী সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও আত্মঘাটি বোমাৰুৰ ব্যৱহাৰলৈ চাই ব'কো হাৰাম নামৰ সন্ত্রাসবাদী সংগঠনে এই আক্রমণ সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে।