November 12, 2024 1:18 PM

views 63

সন্ত্ৰাসবাদী সংগঠন অলকায়দাৰ উপস্থিতি সন্দৰ্ভত নগাঁৱত এন আই এৰ অভিযান, আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা-এন আই এ-য়ে কালি নগাঁও জিলাৰ এটা স্থানত সন্ত্ৰাসবাদী সংগঠন অলকায়দাৰ উপস্থিতি সন্দৰ্ভত সন্দৰ্ভত অভিযান চলায়। কেইদিনমান পূর্বে গোৱালপাৰা জিলাত জইছ-ই-মহম্মদৰ সদস্য গ্ৰেপ্তাৰ হোৱাৰ পাছতে অনুসন্ধানকাৰী সংস্থাটোৱে কালি এই অভিযান চলায়। অভিযানৰ সময়ছোৱাত বহুতো আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰা হয়। উল্লেখযোগ্য যে সংস্থাটোৱে অসম, ত্ৰিপুৰা, পশ্চিমবংগ, জম্মু-কাশ্মীৰ, কর্ণাটক আৰু বিহাৰৰ মুঠ ৯টা স্থানত জইছ-ই-মহম্মদৰ বাবে কাম কৰা সন্দেহজনক লোকৰ বিৰুদ্ধে অভিযান চলায়।

September 27, 2024 7:07 PM

views 47

জম্মু খণ্ডৰ ৰাজৌৰি আৰু ৰিয়াছি জিলাৰ ভালেমান অঞ্চলত এন আই এৰ তদন্ত অভিযান আৰম্ভ

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এই আজি জম্মু খণ্ডৰ ৰাজৌৰি আৰু ৰিয়াছি জিলাৰ ভালেমান অঞ্চলত তদন্ত অভিযান আৰম্ভ কৰিছে। চলিত বছৰৰ জুনত এখন বাছত সংঘটিত ভয়ানক সন্ত্রাসবাদী আক্ৰমণৰ তদন্ত প্ৰক্ৰিয়াৰ অংশ হিচাপে এই অভিযান আৰম্ভ কৰা হৈছে। ৰিয়াছি জিলাৰ শিৱ খৰি মন্দিৰৰ পৰা তীর্থযাত্রী কঢ়িয়াই অনা বাছখনত সন্ত্ৰাসবাদীয়ে আক্রমণ চলাইছিল। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি আজি পুৱাৰে পৰা এন আই এৰ কেইবাটাও তদন্ত অভিযান অব্যাহত ৰাখিছে।