April 28, 2025 9:15 PM

views 45

২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়য়ন্ত্ৰকাৰী তহববুৰ ৰানাক পুনৰ ১২ দিনৰ বাবে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ জিম্মালৈ প্ৰেৰণ

আমেৰিকা যুক্তৰাষ্ট্ৰই কিছুদিনৰ পূৰ্বে ভাৰতলৈ প্ৰত্যৰ্পণ কৰা ২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়য়ন্ত্ৰকাৰী তহববুৰ হুছেইন ৰানাক আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ এখন বিশেষ আদালতত হাজিৰ কৰোৱা হয় ৷ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ বিশেষ আদালতৰ ন্যায়াধীশ চন্দ্ৰজিত সিঙৰ সন্মুখত ৰানাক হাজিৰ কৰোৱা হয়। আদালতে তহববুৰ ৰানাক আৰু ১২ দিনৰ বাবে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ জিম্মালৈ প্ৰেৰণ কৰে। আজি ৰানাৰ ১৮ দিনৰ ৰীমাণ্ড সম্পূৰ্ণ হয়। সূত্ৰত প্ৰকাশ পোৱা মতে আদালতত তহববুৰ ৰানাক প্ৰতিনিধিত্ব কৰি...