November 28, 2025 8:52 PM

views 20

জাঁজীৰ পৰা ডিমৌলৈ অসম্পূৰ্ণ হৈ থকা চাৰিলেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ’বঃ NHIDCLৰ সাধাৰণ প্ৰবন্ধক দেৱেন্দ্ৰ কুমাৰ

শিৱসাগৰ জিলাৰ জাঁজীৰ পৰা ডিমৌলৈ অসম্পূৰ্ণ হৈ থকা চাৰিলেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ সাধাৰণ প্ৰবন্ধক দেৱেন্দ্ৰ কুমাৰে প্ৰকাশ কৰিছে। জিলাখনৰ জাপিসজিয়াত এখন পথ সজাগতা সভাত অংশ লৈ প্ৰবন্ধকগৰাকীয়ে এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে। পথ সজাগতা সভাৰ অংশ হিচাপে ৰাষ্ট্ৰীয় ঘাই পথেৰে অহা মটৰচাইকেল চালকক বিনামূলীয়াকৈ হেলমেট বিতৰণ কৰা হয়।