October 21, 2025 7:00 PM
130
পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ অধীনত চৰকাৰে যান-বাহন খণ্ডৰ বাবে যথেষ্ট কৰ সকাহৰ ঘোষণা কৰিছে
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জি এছ টি অর্থাৎ সামগ্রী আৰু সেৱা কৰ সঞ্চয় উৎসৱ যোৱা ২২ ছেপ্তেম্বৰত আৰম্ভ হৈছে। ইয়াৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ লোক লাভান্বিত হৈছে। দেশৰ যান-বাহন খণ্ডৰ সুদৃঢ়কৰণৰ ক্ষেত্ৰত জি এছ টি সংস্কাৰৰ সুফল দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ অধীনত চৰকাৰে যান-বাহন খণ্ডৰ বাবে যথেষ্ট কৰ সকাহৰ ঘোষণা কৰিছে। কৰৰ নতুন গাঁথনি অনুসৰি ১৮০০ চি চিতকৈ কম ক্ষমতাযুক্ত ইঞ্জিন বিশিষ্ট টেক্টৰৰ ওপৰত ৫ আৰু ১৮০০ চি চিতকৈ অধিক ক্ষমতাযুক্ত ইঞ্জিনৰ টেক্টৰৰ ক্ষেত্ৰত ১৮ শতাংশ কৰ আ...