January 7, 2026 12:45 PM

views 31

কেৰালা কৌমুদী নিয়মীয়া বাতৰি কাকতৰ ক’ট্টায়াম সংস্কৰণৰ বছৰজোৰা ৰূপালী জয়ন্তী উদযাপন

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ড০ এল মুৰুগানে কেৰালা কৌমুদী নিয়মীয়া বাতৰি কাকতৰ ক’ট্টায়াম সংস্কৰণৰ বছৰজোৰা ৰূপালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে বাতৰি কাকতখনৰ ক’ট্টায়াম সংস্কৰণে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। বাতৰি কাকতখনে ১৯১১ চনৰে পৰা মালায়ালম সাংবাদিকতালৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ কথা সোঁৱৰে। তেওঁ কয়, যে বিগত কেইবাটাও দশকত এই বাতৰি কাকতখন কেৰালাৰ আগশাৰীৰ বাতৰি কাকত হিচাপে খ্যাতি লাভ কৰিছে আৰু কোনোধৰণৰ আপোচ ...