October 3, 2026 9:20 PM

views 16

জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ যন্ত্রাংশ সংলগ্নকৰণ পৰীক্ষণ গোটৰ কাম অহা ডিচেম্বৰ-জানুৱাৰীত আৰম্ভ হোৱাৰ সম্ভাৱনাঃ মুখ্যমন্ত্ৰী

জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ যন্ত্রাংশ সংলগ্নকৰণ পৰীক্ষণ গোটৰ কাম অহা ডিচেম্বৰ-জানুৱাৰীত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জাগীৰোডত অনুষ্ঠিত এখন নির্বাচনী সভাত অংশ লৈ সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেমিকণ্ডাক্টৰ প্ৰকল্প মুকলি কৰিবলৈ অসমলৈ আহিব বুলি তেওঁ কয়। জাগীৰোডৰ এই ছেমিকণ্ডাক্টৰ প্ৰকল্প বিশ্বৰ ভিতৰত আটাইতকৈ বেছি চিপ প্রস্তুতকাৰী উদ্যোগ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই প্ৰকল্পত দৈনিক ৪৮.৪ মিলিয়ন চিপ উৎপাদন কৰা ...

May 15, 2025 11:42 AM

views 37

উত্তৰ প্ৰদেশৰ জেৱৰ বিমান বন্দৰৰ সমীপত ছেমিকণ্ডাক্টৰ গোট স্থাপনৰ প্ৰস্তাৱত অনুমোদন

কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশৰ জেৱৰ বিমান বন্দৰৰ সমীপত এটা ছেমিকণ্ডাক্টৰ অৰ্থাৎ‍ অৰ্ধ পৰিবাহী গোট স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত কালি এখন সংবাদমেলত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে এই গোটটো ভাৰত ছেমিকণ্ডাক্টৰ অভিযানৰ অধীনত এইচ চি এল আৰু ফক্সকনে যুটীয়াভাৱে স্থাপন কৰিব। তেওঁ কয়, যে প্রতি মাহে ২০ হাজাৰ ৱেফাৰ নিৰ্মাণ কৰিব পৰাকৈ এই প্ৰকল্পটো বিকশাই তোলা হৈছে। প্ৰকল্পটোৰ ডিজাইন আউটপুট ক্ষমতা মাহিলী ৩ কোটি ৬০ লাখ ইউনিট বুলি শ্রীবৈষ্ণৱে প্ৰকাশ কৰিছে । তেওঁ কয়, যে জে...