November 11, 2026 11:20 AM
6
ষট্ উৎসৱৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা দিল্লীৰ গুৰুত্বপূৰ্ণ ষ্টেচনসমূহৰ পৰা ৩১ খন বিশেষ ৰে’লগাড়ী চলাচলৰ দিহা
উত্তৰ ৰে'লৱেই ষট্ উৎসৱৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা দিল্লীৰ গুৰুত্বপূৰ্ণ ষ্টেচনসমূহৰ পৰা ৩১ খন বিশেষ ৰে’লগাড়ী চলাচলৰ দিহা কৰিছে। উত্তৰ ৰে'লৱেই ষট্ পূজা উদযাপনৰ বাবে নিজ নিজ গাঁৱলৈ বিশেষকৈ দেশৰ পূব প্ৰান্তলৈ যাবলগীয়া যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে দিল্লী এলেকাৰ গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত পর্যাপ্ত ব্যৱস্থা কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে কালি ২৭ খন ৰে’লগাড়ী চলাচল কৰোৱা হৈছে। ইয়াৰ ভিতৰত আনন্দ বিহাৰ ষ্টেচনৰ পৰা ৯ খন, নতুন দিল্লী ষ্টেচনৰ পৰা ৬ খন, ছকুৰবস্তি ষ্টেচনৰ পৰা পাঁচখন দিল্লী আৰু হজৰত নিজামুদ্দিন ...