August 27, 2025 12:01 PM

views 19

ৰাজস্থানৰ জয়ছেলমেৰ মেঘা গাঁৱত বিৰল প্ৰজাতিৰ কুম্ভীৰসদৃশ জীৱাশ্ম আৱিষ্কাৰ

ৰাজস্থানৰ জয়ছেলমেৰ মেঘা গাঁৱত গৱেষকসকলে বিৰল প্ৰজাতিৰ কুম্ভীৰসদৃশ জীৱাশ্ম আৱিষ্কাৰ কৰিছে। ১ দশমিক ৫ৰ পৰা ২ মিটাৰ পৰ্যন্ত দীঘল এই জীৱাশ্মটো প্ৰায় ২০ কোটি বছৰ পূৰ্বৰ জুৰাচিক যুগৰ বুলি অনুমান কৰা হৈছে। ৰাজ্যখনৰ জ্যেষ্ঠ জল ভূ-তত্ববিদ ড০ নাৰায়ণ দাস ইংখিয়া আৰু তেওঁৰ দলটোৱে এই জীৱাশ্মৰ সন্ধান লাভ কৰিছে। শ্রীইংখিয়াই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয়, যে সেই স্থানত আৰু বহুতো জীৱাশ্মৰ সন্ধান পোৱাৰ সম্ভাৱনা আছে, যিয়ে বিৱৰ্তনৰ ইতিহাস সন্দৰ্ভত গুৰুত্বপূৰ্ণ আৰু আকর্ষণীয় তথ্য দাঙি ধৰিব। ইয়াৰ দ্বাৰ...