August 14, 2026 9:54 AM

views 14

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান দেওবাৰৰ পৰা জনসাধাৰণৰ বাবে মুকলি

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান দেওবাৰৰ পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে ১৫ ছেপ্তেম্বৰ পৰ্যন্ত এমাহৰ বাবে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব।  অৱশ্যে বিয়লি ৫ বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ ৰখা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্রীড়া দিৱস আৰু ৫ ছেপ্তেম্বৰত শিক্ষক দিৱস উপলক্ষে এই দুটা দিনত ক্ৰমে ক্ৰীড়...