November 13, 2025 7:30 PM

views 56

ৰাজ্যৰ শিক্ষা বিভাগত ৮,২০৬ গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান

ৰাজ্যত স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি শিক্ষা বিভাগত ৮ হাজাৰ ২০৬ গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান কৰা হয়। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুকে ধৰি কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ২৬৩ গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ বিতৰণৰ উপৰি ১১০ গৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। একেদৰে মাধ্যমিক শিক্ষা সঞ্চাল...