May 28, 2025 9:07 PM

views 29

জ্যেষ্ঠ অধিবক্তা শ্বামিমা জাহানৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে শপতগ্ৰহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শ্বামিমা জাহানে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে আজি শপতগ্ৰহণ কৰে। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত আয়োজিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে-শামিমা জাহানক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকল, উচ্চপদস্থ চৰকাৰী বিষয়া আৰু ভালেকেইগৰাকী জ্যেষ্ঠ অধিবক্তা উপস্থিত আছিল। উল্লেখযোগ্য যে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰ্যালয়ে পৰহ...