February 18, 2025 7:32 PM

views 29

নেপালৰ ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু

ওড়িশা আৰক্ষীয়ে ভুৱনেশ্বৰৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ত নেপালৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনাৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত বিশ্ববিদ্যালয়খনৰ এজন ছাত্ৰক আটক কৰিছে। নেপালৰ প্ৰধানমন্ত্রী কে পি শৰ্মা অলিয়ে এই ঘটনাক লৈ উদ্বেগ প্রকাশ কৰি কয়, যে তেওঁৰ চৰকাৰে এই বিষয়ত কূটনৈতিক ব্যৱস্থাৰ মাধ্যমেৰে আলোচনা কৰি আছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে নতুন দিল্লীত থকা নেপাল দূতাবাসৰ পৰা দুগৰাকী বিষয়াই বিশ্ববিদ্যালয়খনত অধ্যয়নত নেপালী ছাত্ৰ-ছাত্ৰ...