December 18, 2025 7:55 PM

views 26

নেপালৰ ক্ষমতাচ্যুত প্রধানমন্ত্রী কে পি শৰ্মা অলী দেশৰ কমিউনিষ্ট দল ইউ এম এলৰ অধ্যক্ষ হিচাপে পুনৰ নির্বাচিত

নেপালৰ ক্ষমতাচ্যুত প্রধানমন্ত্রী কে পি শৰ্মা অলী দেশৰ কমিউনিষ্ট দল ইউ এম এলৰ অধ্যক্ষ হিচাপে পুনৰ নির্বাচিত হৈছে। দলৰ একাদশ ৰাষ্ট্রীয় সম্মিলনত অনুষ্ঠিত নির্বাচনত শ্রী অলীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী ঈশ্বৰ পোখৰেলক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে দলৰ অধ্যক্ষ হিচাপে নির্বাচিত হয়। নির্বাচনত শ্রী অলীয়ে এহেজাৰ ৬৬৩ টা ভোট পোৱাৰ বিপৰীতে ঈশ্বৰ পোখৰেলে ৫৬৪ টা ভোট লাভ কৰে। একাদশ ৰাষ্ট্ৰীয় কংগ্ৰেছতে ইউ এম এলৰ অন্যান্য বিষয়ববীয়াসকলকো নিৰ্বাচন কৰা হয়। শংকৰ পোখৰেল দলৰ সাধাৰণ সচিবৰূপে নির্বাচিত হয়। তেওঁ এহেজাৰ ২২৮ টা ভোট ল...

April 2, 2025 1:10 PM

views 27

বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কে পি শর্মা অলি থাইলেণ্ডলৈ ৰাওনা

নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অলি বেংককত অনুষ্ঠিত বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে কালি আনুষ্ঠানিক ভ্রমণসূচীৰে থাইলেণ্ডলৈ ৰাওনা হয়। যোৱা বছৰৰ জুলাই মাহত চতুৰ্থবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত অলিৰ এইটোৱেই প্ৰথম আনুষ্ঠানিক থাইলেণ্ড ভ্রমণ। থাইলেণ্ডত ১ ৰ পৰা ৫ এপ্ৰিললৈ বিমষ্টেকৰ ষষ্ঠ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছে। বৈদেশিক মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, এই ভ্ৰমণৰ সময়ত অলি আৰু থাইলেণ্ডৰ ৰজা বাজিৰালংকর্ণৰ মাজত এখন সৌজন্যমূলক বৈঠক অনুষ্ঠিত হ'ব। অলিয়ে থাইলেণ্ডৰ সুপৰিচিত ব্যৱসায়ীসকলৰ সৈতে বৈঠকত মিল...