August 25, 2024 11:24 AM

views 47

নেপালৰ তনাহুন জিলাত সংঘটিত বাছ দুৰ্ঘটনাত হতাহত সকললৈ প্ৰধানমন্ত্ৰীৰ এককালীন সাহায্য ঘোষণা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ তনাহুন জিলাত হোৱা বাছ দুৰ্ঘটনাত হতাহত লোকসকললৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ নিকট- আত্মীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰু আহত সকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে এই দুৰ্ঘটনাত ২৭ গৰাকী ভাৰতীয়ই প্ৰাণ হেৰুওৱা বুলি প্ৰকাশ কৰিছে।   ইপিনে, নেপালৰ বাছ দুৰ্ঘটনাত মৃত্যু হোৱা ২৫ গৰাকী লোকৰ মৃতদেহ কালি এখন বিশেষ বিমানৰ জৰিয়তে মহাৰাষ্ট্ৰৰ জলগাঁৱলৈ অনা হয...