April 20, 2025 7:57 PM

views 33

কামৰূপ জিলাৰ পুঠিমাৰীত এন ডি আৰ এফ বিৰ কাৰিকৰী কৌশল প্ৰদৰ্শন

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পুঠিমাৰীত এন ডি আৰ এফ বিৰ কাৰিকৰী কৌশল প্ৰদৰ্শনৰ অনুষ্ঠান আয়োজিত হৈছে। এই অনুষ্ঠানত প্রাকৃতিক দুৰ্যোগৰ সময়ত দুৰ্গতসকলক সহায় কৰিব পৰাকৈ জোৱানসকলক প্ৰস্তুত কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হয়। এন ডি আৰ এফ বিৰ জোৱানসকলক প্ৰস্তুত কৰি ৰখাৰ বাবে প্ৰতি বছৰে প্ৰশিক্ষণ প্ৰদান কৰা হৈ আহিছে বুলি এন ডি আৰ এফ বিৰ বাহিনীৰ বিষয়াই প্ৰকাশ কৰিছে। কাৰিকৰী কৌশল প্ৰদৰ্শনত গুৱাহাটী মুখ্য কাৰ্যালয়ৰ ৪টা বেটেলিয়ান কোম্পানীয়ে অংশগ্রহণ কৰে।