November 25, 2024 11:59 AM

views 16

বিশ্ব ব’লছ চেম্পিয়নছ অৱ চেম্পিয়নছ প্রতিযোগিতাত নয়নমণি শ‍ইকীয়া আৰু পুতুল সোণোৱালে ভাৰতক প্রতিনিধিত্ব কৰিব

ৰাজ্যৰ দুগৰাকী প্ৰতিভাৱান খেলুৱৈ নয়নমণি শ‍ইকীয়া আৰু পুতুল সোণোৱালে আজিৰেপৰা নিউজিলেণ্ডৰ অ’কলেণ্ডত হ'বলগীয়া বিশ্ব ব'লছ চেম্পিয়নছ অৱ চেম্পিয়নছ প্রতিযোগিতাত দেশক প্রতিনিধিত্ব কৰিব। এই প্রতিযোগিতাত কেৱল ৰাষ্ট্ৰীয় চেম্পিয়নসকলকহে নিজ নিজ দেশক প্রতিনিধিত্ব কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। ৰাজ্যৰ লনবল সংস্থাৰ সভাপতি দূৰ্গা দাস বড়ো আৰু সম্পাদক নৱ বসুমতাৰীয়ে খেলুৱৈ দুগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে।