January 7, 2026 10:19 PM

views 33

ছত্তিশগড়ৰ ছুকমা জিলাত ২৬জন নক্সালবাদীৰ আত্মসমৰ্পণ

ছত্তিশগড়ৰ ছুকমা জিলাত আজি ২৬জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰে। ইয়াৰে ১৩জন নক্সালবাদীৰ শিৰৰ মূল্য ৬৫ লাখ টকা আছিল। ছুকমা জিলাৰ আৰক্ষী অধীক্ষক কিৰণ চাৱনে প্ৰকাশ কৰা মতে পুনা মার্জেম পুনর্বাস পদক্ষেপৰ অধীনত ৭গৰাকী মহিলাকে ধৰি নক্সালবাদীৰ দলটোৱে শীৰ্ষ আৰক্ষী বিষয়া আৰু চি আৰ পি এফৰ বিষয়াৰ সন্মুখত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণকাৰী নক্সালবাদী কেইজন পিপ্‌লছ লিবাৰেচন গৰিলা আৰ্মী বেটেলিয়নৰ সদস্য আছিল আৰু তেওঁলোকে দক্ষিণ বাষ্টাৰ, মাড আৰু অন্ধ্র-ওড়িশা সীমান্তৰ মাওবাদী অধ্যুষিত অঞ্চলত সক্ৰিয় হৈ আছিল। তেওঁল...

October 16, 2025 9:58 AM

views 49

দেশত নক্সাল অধ্যুষিত জিলাৰ সংখ্যা ৬ৰ পৰা ৩লৈ হ্ৰাস পাইছেঃ গৃহ মন্ত্ৰালয়

দেশত নক্সাল অধ্যুষিত জিলাৰ সংখ্যা ৬ৰ পৰা ৩লৈ হ্ৰাস পাইছে। সম্প্রতি চত্তিশগড়ৰ বিজাপুৰ, ছুকমা আৰু নাৰায়ণপুৰ জিলাহে বাওঁপন্থী উগ্রবাদৰ পৰা সৰ্বাধিক প্ৰভাৱিত বুলি গৃহ মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে বিবৃতিযোগে কৈছে, যে নক্সাল অধ্যুষিত জিলাৰ সংখ্যা হ্ৰাস পোৱাটোৱে এখন নক্সালমুক্ত ভাৰত গঢ়িবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা লক্ষ্যক প্ৰতীয়মান কৰে। দেশত ২০২৬ চনৰ ৩১ মাৰ্চৰ পূৰ্বে নক্সালক পুলিয়ে পোখাই উৎখাত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও বিবৃতিটোত প্রকাশ কৰা হৈছে ।