January 25, 2025 8:34 PM

views 15

পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ কাৰ্যসূচীত শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ অংশগ্ৰহণ

ভাৰত বিশ্বৰ সৰ্ববৃহৎ, বৈচিত্র্যপূৰ্ণ, যুৱ, সৰ্বাত্মক আৰু সংবেদনশীল গণতন্ত্ৰ আৰু এয়া সঁচাকৈ গৌৰৱৰ কথা বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ কাৰ্যসূচীত ভাষণ দি শ্রীমতী মুমৱে কয়, যে ভাৰত গণতন্ত্ৰৰ মাতৃস্বৰূপ আৰু দেশত গণতান্ত্ৰিক প্ৰক্ৰিয়া প্ৰাচীন কালৰে পৰা প্ৰৱৰ্তন হৈ আছে। ভাৰতৰ গণতন্ত্র আধুনিক বিশ্বৰ বাবে এটা অনন্য উদাহৰণ বুলি তেওঁ মন্তব কৰে। তেওঁ কয় যে নিৰ্বাচনৰ সময়ত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰভাৱশালী স্বৰূপ দেখিবলৈ পোৱা যায়।...