October 10, 2026 5:44 PM
7
আজি ৰাষ্ট্ৰীয় ডাক দিৱস
আজি ৰাষ্ট্ৰীয় ডাক দিৱস। ১৮৫৪ চনত ব্ৰিটিছ শাসনৰ সময়তে লৰ্ড ডেলহাউচীৰ কাৰ্যকালত আনুষ্ঠানিকভাৱে ভাৰতীয় ডাক বিভাগ প্রতিষ্ঠা কৰা হৈছিল। ভাৰতীয় ডাক বিভাগৰ দীৰ্ঘদিনীয়া অৱদান, দেশৰ প্ৰতিটো কোণত যোগাযোগৰ ব্যৱস্থা সুদৃঢ় কৰা আৰু গ্ৰামাঞ্চলৰ পৰা চহৰলৈকে সেৱা আগবঢ়োৱা ডাক সেৱাৰ গুৰুত্বক স্বীকৃতি দিয়াৰ উদ্দেশ্যে প্ৰতি বছৰে ১০ অক্টোবৰত ৰাষ্ট্ৰীয় ডাক দিৱস পালন কৰি অহা হৈছে।