November 1, 2026 8:26 PM
1
নতুন দিল্লীত ২০২৬ চনৰ ৰাষ্ট্ৰীয় অর্গেন ট্রান্সপ্লান্ট গেমছ মুকলি
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীৰ তালকাটোৰা স্টেডিয়ামত ২০২৬ চনৰ ৰাষ্ট্ৰীয় অর্গেন ট্রান্সপ্লান্ট গেমছ মুকলি কৰে। অনুষ্ঠানত ভাষণ দি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই ক্রীড়া হৈছে, সাহস, নিষ্ঠা আৰু ধৈৰ্য্যৰ উদযাপন তথা জীৱনৰ অনন্য উপহাৰ। অংগদানক মহাদান বুলি উল্লেখ কৰি শ্রীৰাধাকৃষ্ণণে কয়, যে এই পদক্ষেপৰ জৰিয়তে হেৰোৱাৰ পাছতো আশাৰ সঞ্চাৰ হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ জৰিয়তে এই বিষয়ত অবিৰতভাবে ইতিবাচক ভাবমূর্তি গঢ়ি তোলাৰ পৰবৰ্তী পৰ্য্যায়ত দেশত অংগদানৰ দিশটোৰ প্ৰগতি তুৰান্বিত হৈ...