February 5, 2025 10:38 AM

views 39

ৰাষ্ট্ৰীয় ক্রীড়াত ল’নবলৰ ফাইনেলত অসমৰ বিতু দাস, সুৰঞ্জনা বৰুৱা; ডাবলছৰ ফাইনেলত বিমান নাথ-বিশ্বজিৎ খাওন্দ

ৰাজ্যৰ উদীয়মান ল’নবল খেলুৱৈ বিতু দাস আৰু সুৰঞ্জনা বৰুৱাই উত্তৰাখণ্ডত চলি থকা ৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ ফাইনেলত প্ৰৱেশ কৰিছে। একেদৰে বিমান নাথ আৰু বিশ্বজিৎ খাওন্দে পুৰুষৰ ডাবলছৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। সুৰঞ্জনাই কালি ছোৱালীৰ ২৫ বছৰ অনূৰ্ধ্ব শাখাৰ হাৰিয়ানাৰ প্ৰতিদ্বন্দ্বীক আজি ২১-১০ পইণ্টত পৰাস্ত কৰে। একেদৰে বিতুই ল'ৰাৰ ২৫ বছৰ অনূৰ্ধ্ব বংগৰ প্ৰতিদ্বন্দ্বীক ২১-১৩ পইণ্টত পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰে। পুৰুষৰ ডাবলছত বিমান আৰু বিশ্বজিতে উত্তৰাখণ্ডৰ যুটিক ১৬-১৪ৰ ব্যৱধানত পৰাস্ত কৰে। অল...