October 15, 2024 5:43 PM

views 54

ৰাষ্ট্ৰীয় ডবা প্রতিযোগিতাত অনামিত্ৰা গোৱালাৰ ব্ৰঞ্জৰ পদক লাভ

বিহাৰৰ পাৰ্টনাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ডবা প্রতিযোগিতাৰ ১৪ বছৰ অনুৰ্ধৰ ছোৱালী শাখাত গোলাঘাটৰ অনামিত্ৰা গোৱালাই ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। জিলাখনৰ বনগাঁৱৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰীগৰাকীৰ সাফল্যত স্বাভাৱিকতে অঞ্চলবাসীয়ে আনন্দ প্রকাশ কৰিছে। সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি ভৱিষ্যতৰ দিনত অধিক প্ৰশিক্ষণ গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ আশা কৰাৰ লগতে অসমৰ গ্ৰামাঞ্চলত ডবা খেলৰ প্ৰসাৰৰ বাবে পদক্ষেপ ল'বলৈ অনামিত্ৰাই চৰকাৰ তথা ক্ৰীড়া বিভাগক আহ্বান জনায...