August 15, 2025 12:35 PM

views 20

দেশত আজি ৭৯সংখ্যক স্বাধীনতা দিৱস উদযাপন; লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন

সমগ্ৰ ৰাষ্ট্ৰই আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ১০৫ মিনিট জোৰা দীঘলীয়া ভাষণ দিয়ে। এই ভাষণে তেওঁৰ যোৱা বছৰৰ ৯৮ মিনিট জোৰা স্বাধীনতা দিৱসৰ ভাষণৰ অভিলেখ ভংগ কৰে। শ্ৰীমোদীয়ে ভাষণৰ আৰম্ভণিতে অপাৰেচন সিন্দূৰৰ সাহসী সৈনিকসকললৈ প্ৰণিপাত জনায়। তেওঁ কয়, যে এই অভিযানৰ জৰিয়তে দেশৰ সাহসী সৈনিকসকলে শত্রুপক্ষক যোগ্য প্ৰত্যুত্তৰ দিছে। তেওঁ কয়, যে দেশৰ সশস্ত্র বাহিনীয়ে পাকিস্তানৰ পূৱ খণ্ডৰ কেইবাশ কিলোমিটাৰ ভ...