August 19, 2026 6:23 PM

views 26

অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন

অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰসমূহত আজি পুৱাৰে পৰা নাম-প্ৰসংগ অনুষ্ঠিত হৈছে। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও ৩৫ খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপৰীয়া নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম-প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম-প্ৰসংগৰ আয়োজন ক...

August 18, 2025 9:25 PM

views 82

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহত ভাদ মাহৰ আৰম্ভণি উপলক্ষে ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত

আজি পহিলা ভাদ। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আৰম্ভণি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীকৃষ্ণৰ জন্মোৎসৱ আৰু মহাপুৰুষ দুজনাৰ পূণ্য তিথি পালন কৰা এই পবিত্ৰ মাহটোত হৰিনামৰ ধ্বনিয়ে আধ্যাত্মিক চিন্তা-চেতনাৰে আমাৰ উজ্জীৱিত কৰি ৰাখে বুলি মন্তব্য কৰে। ড০ শৰ্মাই পহিলা ভাদৰ দিনটোত ৰাজ্যবাসীলৈ শুভেচ্ছা যাঁচি অসমীয়া সমাজৰ শান্তি-সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ কামনা কৰে। অসমীয়া বৈষ...

June 12, 2025 10:54 AM

views 76

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন

■ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। কামৰূপ জিলাৰ শুৱালকুছিৰ একশৰণ মহাপুৰুষীয়া ধৰ্মালোচনী সভা শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰ শুৱালকুছিৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। আজি পুৱা ঊষা কীৰ্তন আৰু ধৰ্মীয় পতাকা উত্তোলন কৰা হয়। দিনৰ ভাগত নামপ্ৰসংগ, পাঠ, চৰিত তোলা, সেৱাৰ গীত পৰিৱেশন কৰাৰ লগতে ধর্মালোচনী সভা অনুষ্ঠিত হ'ব।বৰপেটা জিলাত গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰ, বৰপেটা সত্ৰ, বাৰাদি সত্ৰ আদিত আজি পুৱাৰে পৰা ...