December 14, 2024 8:04 PM

views 47

নগাঁও জিলা পুথিভঁৰালত কেন্দ্রীয় শিশু নাট সমাৰোহ, ২০টা শিশু নাট্য দলৰ অংশগ্ৰহণ

অসম নাট্য সন্মিলনৰ উদ্যোগত আৰু সন্মিলনৰ নগাঁও জিলা সমিতিৰ সহযোগত কালিৰে পৰা তিনিদিনীয়াকৈ কেন্দ্রীয় শিশু নাট সমাৰোহ অনুষ্ঠিত হৈছে। নগাঁও জিলা পুথিভঁৰালত আয়োজিত এই নাট সমাৰোহত ৰাজ্যৰ বিভিন্ন জিলাৰ ২০টা শিশু নাট্য দলে অংশগ্রহণ কৰিছে। আজিৰ অনুষ্ঠানত জিলাখনৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠৰ কণকণ শিক্ষাৰ্থীসকলে কুৰুক্ষেত্ৰত খেলিমেলি শীর্ষক এখনী শিশু নাট মঞ্চস্থ কৰে ।