April 12, 2025 8:54 PM

views 17

নগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অনুজ্ঞাপত্ৰ থকা আগ্নেয়াস্ত্রসমূহ জমা দিয়াৰ নিৰ্দেশ

নগাঁও জিলাত দ্বিতীয় পর্যায়ত তথা অহা ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ থকা সকলো লোককে আগ্নেয়াস্ত্রসমূহ জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছে। নগাঁও জিলা আয়ুক্ত তথা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহে অনুজ্ঞাপত্ৰসহ আগ্নেয়াস্ত্রসমূহ সংশ্লিষ্ট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ হাতত জমা দিবলৈ নিৰ্দেশ দিছে। আগ্নেয়াস্ত্রসমূহ জমা দিয়াত বিলম্ব কৰিলে বা জমা নিদিলে তেওঁলোকৰ বিৰুদ্ধে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও নিৰ্দেশনাটোত উল্লেখ আছে। অনুজ্ঞাপত্ৰ থকা আগ...