December 1, 2025 7:01 PM

views 34

নগাঁও জিলাত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠিয়াতলীত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেকসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। সমষ্টিটোৰ ৩৩ হাজাৰ ৬২৫গৰাকী মহিলাক ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰা হয়। ইয়াৰে প্ৰায় ৩২ হাজাৰ মহিলা গ্ৰামাঞ্চলৰ বুলি আমাৰ নগাঁৱৰ সংবাদদাতাই জানিবলৈ দিছে। অনুষ্ঠানত সমবেত ৰাইজক সম্বোধন কৰি ড০ শৰ্মাই কয় যে ইতিমধ্যে ৰাজ্যখনত প্ৰায় ১০ লাখ মহিলাই এই আঁচনিৰ জৰিয়তে ধন লাভ কৰিছে আৰু আমাৰ নাৰী শক্তিক স্বাৱলম্বী কৰাত এই আঁচনিয়ে যথেষ্ট সহা...