May 22, 2024 6:55 PM

views 68

নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সম্ভাব্য বান পৰিস্থিতি সম্পৰ্কত পৰ্যালোচনা বৈঠক

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৌজন্যত আৰু নগাঁও জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু চক্র বিষয়াসকল উপস্থিত থকা এই বৈঠকত বাৰিষাকালত হ'ব পৰা সম্ভাব্য বান পৰিস্থিতি সম্পৰ্কত আলোচনা কৰা হয়। সভাখনত দৃশ্য-শ্রাব্য মাধ্যমৰ জৰিয়তে জিলাখনৰ দুৰ্যোগ প্রশমনৰ বাবে প্ৰস্তুত কৰা পৰিকল্পনাসমূহ উপস্থাপন কৰা হয়। সভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব সত্যজিৎ চেতিয়...