December 20, 2024 12:23 PM

views 34

নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত নগাঁও গ্ৰন্থমেলাত ‘পৰিৱেশ সজাগতা’ শীর্ষক আলোচনাচক্র

নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত নগাঁও গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ অংশ হিচাপে কালি পৰিৱেশ সজাগতা শীর্ষক এখন আলোচনাচক্র অনুষ্ঠিত হয়। আলোচনাচক্ৰত অংশগ্ৰহণ কৰি শিৱসাগৰৰ ডিমৌ প্রাথমিক চিকিৎসালয়ৰ চিকিৎসক সুৰজিত গিৰিয়ে প্রকৃতি সুৰক্ষাত সাপৰ ভূমিকা সন্দৰ্ভত ভাষণ দিয়ে। সৰ্প দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰি চিকিৎসকগৰাকীয়ে প্ৰায় এহেজাৰ ৫০০ চিকিৎসকক এই বিষয়ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। অসমত পোৱা ৭৬বিধ সাপৰ ভিতৰত মাত্ৰ ৭বিধ সাপহে বিষাক্ত বুলি শ্ৰীগিৰিয়ে প্ৰকাশ কৰে।